পদ্মশ্ৰী নলিনীবালা দেৱী :-
অসমৰ গৌৰৱ নলিনীবালা দেৱী কেৱল যে অসমীয়া সাহিত্তিকা হিচাপে সুবিখ্যাত এনে নহয় ! তেওঁ নানা বেদনা আৰু মানসিক আঘাত সহ্য কৰি কাব্য চিন্তাত আত্মসমৰ্পণ কৰি সামাজিক ৰীতি আৰু পৰম্পৰাক জীয়াই ৰখা এগৰাকী আদৰ্শ, সহিষ্ণু নাৰী হিচাবে চিৰস্মৰণী।
নলিনীবালা দেৱীৰ জন্ম হৈছিল ১৮৯৮ চনৰ ২৩ মাৰ্চত বৰপেটাত। তেঁও ৰ পিতৃৰ নাম আছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃ হেমন্ত কুমাৰী দেৱী। আৰু ককাকৰ নাম আছিল মাধৱ চন্দ্ৰ বৰদলৈ। তেওঁৰ ঘৰ খন আছিল এটি সংস্কৃতিবান, ধাৰ্মিক আৰু আদৰ্শ পৰাযন । তেওঁৰ দেউতাক নবীন চন্দ্ৰ বৰদলৈ উত্তৰ গুৱাহাটীৰ এগৰাকী প্ৰসিদ্ধ সমাজিক আৰু ৰাজনৈতিক ব্যাক্তি আছিল যদিও তেওঁৰো এটা সাহিত্যিক মন আছিল। তেওঁ নিজেই গীত ৰচনা কৰিছিল আৰু গাইছিল। বৰগীত, ভাজন আদি গাই দেউতাকে ভাল পাইছিল। দেউতাকে"গৃহলক্ষ্মী"নামেৰে এখন সামাজিক নাটক লিখিছিল।
পিতৃৰ এই গুণবোৰ কৰ্ষণ কৰি নলিনীবালাযো গীত, কবিতা আদি লিখিবলৈ লৈছিল।নলিনীবালা দেৱী যি সময়ত জন্মিছিল ,সেই সময়ত নাৰী শিক্ষাৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰা নাছিল। তথাপিও তেজপুৰৰ বঙালী প্ৰাথমিক বিদ্যালয়তে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰে।আৰু পিছত উচ্চ শিক্ষাৰ বাবে কোনো উচ্চ শিক্ষানুষ্ঠান লৈ তেওঁ যোৱা নাছিল।মোমায়েক কীৰ্তিনাথ বৰদলৈৰ অধীনত তেওঁ এগৰাকী ব্যক্তিৰ সহায়ত প্ৰাথমিক শিক্ষা লাভ কৰে।তদুপৰি কলেজিয়েট হাইস্কুলৰ প্ৰধান শিক্ষক যজ্ঞেশ্বৰ বৰুৱা, আন এগৰাকী শিক্ষক নিশিকান্ত আদিয়ে ঘৰতে তেওঁক ইংৰাজী, গণিত, ভূগল আদি শিকাইছিল। সেইসময়ত হিন্দু নাৰী মাত্ৰকে অতি কম বয়সতে বিয়া দিয়া ৰীতি প্ৰচলিত থকাত নলিনীবালায়ো শিক্ষা সম্পূৰ্ণ নহওঁ তে তেওঁ বাৰ বছৰ বয়সতে ১৯০৯ চনত শিৱসাগৰৰ পুৰণা আমলাপত্তিৰ নিত্যানন্দ চতুৰ্বেদীৰ বংশত কৃষ্ণপ্ৰাণ চাংকাকতিৰ পুত্ৰ জীৱেশ্বৰ চাংকাকতিৰ লগত বিবাহ সম্পন্ন হয়। কিন্তু দুখৰ বিষয় যে বিবাহৰ মাত্ৰ সাতটা বছৰ পিছত ১৯১৭ চনত স্বামীৰ অকাল বিয়োগ ঘটে আৰু তেওঁৰ চাৰিটা সন্তানৰ সৈতে তেওঁক পিতৃ গৃহলৈ লৈ আহে।পিছত আকৌ এটি সন্তানৰ মৃত্যু হয়।এইবোৰ কাৰণত নলিনীবালা দেৱীৰ জীৱন নাযায়-নুপুৱাই ,দুখ বেদনাৰে ভৰি পৰে।দেউতাকে তেওঁক অন্তৰৰ দুখ নিঃসৰণ কৰিবলৈ"গীতা"এখনকে পঢ়িবলৈ দি শান্ত হবলৈ দিলে। দুখজৰ্জৰিত হিয়াক শাত পেলোৱাৰ বাবে তেওঁ অৱশেষত গীতা, কীৰ্তন, নামঘোষা,উপনিষদ বুকুত আশ্ৰয় ল'লে।লাহে লাহে ব্যক্তিগত দুখ -বেদনাবোৰ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা কাব্যিক প্ৰতিভাৰ বলত সেইবোৰ কবিতা আকাৰে প্ৰকাশ পাবলৈ ধৰিলে।
নলিনীবালা দেৱী যে দহ বছৰ বয়সতে "পিতা" আৰু "সন্ধ্যা" নামৰ দুটি কবিতা লিখি তেওঁৰ কবি প্ৰতিভাৰ পৰিচয় দিছিল। পুত্ৰৰ মৃত্যুত তেওঁ "পুতুলি" নামৰ কবিতাটো লিখিছিল। পিছলৈ তেওঁ কবিতাই নহয়, তেওঁ আত্মজীৱনী,শিশু নাটিকা, গীত আদিও লিখিছিল। তেওঁৰ প্ৰকাশিত পুথিসমূহৰ ভিতৰত "সন্ধিয়াৰ সুৰ","সপোন সুৰ","পৰশমনি","যুগদেৱতা" "অলকানন্দা","বিশ্বদীপা","জাগৃতি", "অন্তিম সুৰ"(কাব্যগ্ৰন্থ), "স্মৃতিতীৰ্থ", চৰ্দাৰ বল্লভভাই পেটেল", "এৰি অহা দিনবোৰ", "শান্তিপথ", "পাৰিজাতৰ অভিষেক", "মীৰাবাঈ","শেষ পূজা" ,"প্ৰহ্লাদ" আদি উল্লেখযোগ্য। ইয়াৰ উপৰিও তেওঁৰ কেইবাখনো গ্ৰন্থ অপ্ৰকাশিত অৱস্থাতে আছে।সেইবোৰৰ ভিতৰত কবিতা গ্ৰন্থ হল- "জোনাকী স্বপ্ন", "সুৰভি", "মন্দকিনী", "সজাৰ পুৰৱী", "সন্ধিয়াৰ সপোন পৰশ", "ৰূপৰেখা", "পুৱতি পোহৰৰ কঁপনি", "মেঘদূত" আদি। কেইবাখনো নাট তেওঁৰ অপ্ৰকাশিত অৱস্থাতে ৰৈ আছিল। সেইবোৰৰ ভিতৰত "স্বপ্নৰূপ ", "নবজন্ম" , "পৰাজয়" , "নেতাই ধুবুনীৰ ঘাট", "ৰাম বনবাস", "জনমাষ্টমী", "ভাৰত বিদুষী", "অসম আউসী", "মহিষাসুৰ-মৰ্ডিনী", "হোলী"।
এনেধৰণৰ কেইবাবিধৰো গ্ৰন্থ ৰচনা কৰিছিল বাবে তেওঁক অসমীয়া সাহিত্যৰ ৰহস্যবাদী কবি বুলি বিখ্যাত। তেওঁৰ কবিতাত ভাৰতীয় দৰ্শনৰ পূৰ্বজন্ম, পৰজন্ম, কর্মফল, পাপ-পূণ্য, স্বৰ্গ-নৰক,আত্মা-পৰমাত্মা আদি কথাই প্ৰকাশ লাভ কৰিছে।তেওঁৰ মতে এই বিশ্ব ক্ষন্তেকীয়া এখন নাটঘৰৰ দৰে, মানুহ ইয়াৰ ভাৱৰীয়া। বহুজনে বহু ভাও দি এই বিশ্বত কীৰ্তি ৰাখে। মানুহৰ কৰ্ম বহুত। যেতিয়ালৈকে কৰ্ম শেষ নহয় তেতিয়ালৈকে মানুহ এই পৃথিৱীত জন্ম লাভ কৰিয়ে থাকে।মানুহৰ বাসনাৰ চৰিতাৰ্থযো মানুহক তৃপ্তি দিব নোৱাৰে।তেওঁ কৈছে- "ভোগতেই মানুহৰ তৃপ্তি পেলোৱা হলে, বাসনা ও নোৱাৰে থাকিব।"মানুহ সসীমত আবদ্ধ, পৃথিৱীত থাকি সেই মানুহে পৰমাত্মাৰ ৰূপ ধ্যান কৰে।মানুহে যেতিয়া ঈশ্বৰৰ লগত এমভূত হয়, তেতিয়াহে তেঁওৰ জীৱন সাৰ্থক হয়,("সুখ আশা পৰম পদৰ, ৰূপ তৃষ্ণা চিৰ সুন্দৰ।")
এইজনা মহান কবিৰ কবিতা" মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই ", "জনভূমি" শীৰ্ষক কবিতাত স্বদেশ প্রেম জাগৃত হৈছে। তেওঁৰ কবি প্ৰতিভাৰ স্বীকৃতি হিচাপে ১৯৬৮ চনত 'সাহিত্য অকাডেমি বঁটা' আগবঢ়াই।১৯৫৪ চনত যোৰহাটত বহাত্ৰয়োবিংশটিতম অধিবেশনত সভানেত্ৰী পদত তেওঁক বৰণ কৰিছিল ।১৯৫৮ চনত ভাৰত চৰকাৰে তেওঁক "পদ্মশ্ৰী" সন্মানেৰে সন্মানিত কৰে। কামৰূপ সঞ্জীৱনী সভা'ই তেওঁক "কাব্য ভাৰতীয় আখ্যা দিয়ে।
১৯৭৭ চনত ২৪ ডিচেম্বৰ তাৰিখে অসমীয়া ৰোমাণ্টিক সাহিত্য আন্দোলনতৰ এইগৰাকী সুবক্তা, সুগায়িকা, চিত্ৰকৰ ,গীতিকাৰ, কবিয়ে গুৱাহাটীৰ নিজ বাসভৱনত শেষ নিচ্ছাস ত্যাগ কৰে।
তেখেতৰ মৃত্যুৰ দিনটো আমি শ্ৰদ্ধাৰে সুৱঁৰিছো।
Assamese , novelist
No comments:
Post a Comment